পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
জনকাব্য


সপ্তদশ অধ্যায়

বাট বুলিবৰ  লহৰে পহৰে
 তুমি কোন গাৱঁৰে ডেকা।
ঠুৰিৱা চুৰিয়া  নুৰিয়াই পিন্ধিছা,
 তোমাৰে হাঁচটি ফটা॥ ৩২১।

হয় কি অহয়  হয়, ঐ পৰুৱা,
 হয় কি অহয় হয়।
হাঁচটি এখনি  খুজিব খুজিছোঁ,
 দিবা নে নিদিবা বই॥ ৩২২।

হাই দি তুলিবৰ  লাই, সোণামুৱা,
 হাই দি তুলিবৰ লাই।
তুমি যে ডেকাটি  খুজিছা হাঁচটি,
 ববলৈ টোলোঠা নাই॥ ৩২৩।

ভাত ৰান্ধি দিয়া  খাওঁ, ঐ পৰুৱা,
 পানী আনি দিয়া খাওঁ।
চাউল মুঠিচাৰেক  বান্ধি দিয়াঁ, পৰুৱা,
 টোলোঠা বিচাৰি যাওঁ॥ ৩২৪।

শালি ধানৰ মৰণা  মাৰিলোঁ পৰুৱা,
 কঠিয়াৰ নথলোঁ সঁচ।
উজনি নামনি  কেই ৰাজ মাৰিলোঁ,
 টোলোঠাৰ পালোঁগৈ গছ॥ ৩২৫।