পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
জনকাব্য

কেলেই সৰজিলি   সৰজন দেৱতা,
  কেলেই তুলিলি আই।
মনৰে কামনা  পূৰাব নোৱাৰি
  মৰোঁ বৰ বিহ খাই॥ ২৯৬।

চকলা কাঠৰে  ফণি মই কাটিলোঁ,
 লেদেঙৰ খোপালৈ চাই।
কালি নিশা সপোনত  বেয়াকৈ দেখিলোঁ,
 ফণিখন হেৰাব পায়॥ ২৯৭।

গৰু লৰ মাৰি  ভাঙে শল মাৰি,
 গাহৰিয়ে ভাঙিলে গৰাল।
শনিবাৰৰ দিনাখন  কুলক্ষণ লাগিলে,
 চেনাই পানীত পৰি হেৰাল॥ ২৯৮।

এই বেলি আহুধান  পানীয়ে মাৰিলে
 আৰু-বেলি আহুধান পাম।
মোৰ যে চেনাইটী  গল সিপুৰীলৈ,
 আকৌ কোন কালে পাম॥ ২৯৯।

নকৰিবি ভয় ঐ,  নাকান্দিবি চেনাই ঐ,
 মনত শোক নলবি তোৰ।
ইপুৰী যে এৰি থৈ  পামগৈ সিপুৰী,
 দুখৰো পৰিব ওৰ॥ ৩০০।