পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
আকুল পথিক

চতুৰ্দশ অধ্যায়

প্ৰথমে প্ৰণামো  জয় সৰস্বতী
 দ্বিতীয়ে প্ৰণামো হৰি।
কোনজন ঈশ্বৰে  আমাক সৰজিলে
 আথানি-আবানি কৰি॥ ২৬১।

গাল কাতি কৰি  নাচাবা, লাহৰী,
 মোৰ শপত লাগিব বেয়া।
জনমে জনমে  মিলিম বুলিছিলোঁ,
 ঈশ্বৰে নকৰিল দয়া॥ ২৬২।

ধনে ভাত-খোৱা  কাঁহী পান-ধোৱা,
 চাপৰি বোটলে ছুৱা।
আহিবৰ বেলিকা  কৈ আহিছিলোঁ,
 লোকৰ নাভাঙিবা গুৱা॥ ২৬৩।

হাটতে কিনি মই  বাটতে ভাঙিলোঁ
 শালমৰা কুমাৰৰ চৰু।
নতুন তাঁতি ভাঙি  খালে পকা ধান ঐ,
 সৰুটী চেনাইৰে গৰু॥ ২৬৪।

আজি ৰুই গলে  কাচি ৰোৱা ডৰা,
 কোনে গছকিলে আলি।
খোজত চিন পালোঁ মই   শহুৰৰ জীয়েক ঐ,
 পাৰোঁ কোন সতেৰে গালি॥ ২৬৫।