পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
আকুল পথিক

অলিয়া হলোঁ মই,  বলিয়া হলোঁ মই,
  কৰাকে ঘূৰায়ে কৰোঁ।
ৰাতিৰে ৰাতিটো  টোপনি নধৰে,
  দিনত ছাটি-ফুটি কৰোঁ॥ ১৭১।

আলিয়ে আলিয়ে   যায় সমনীয়া,
  হাতত কলা খোৱা চৰাই।
চকু চাই চকু চাই  পিৰিতি কৰিলোঁ,
  বিধাতাই নিদিলে জোৰাই॥ ১৭২।

গৰুটি কজলা,  মনটি অজলা,
  নুবুজোঁ একোকে মই।
কিয় ভাল পাইছিলি,   কিয় ভাল পাইছিলোঁ
  শৰীলত জ্বলিছে জুই॥ ১৭৩।

হাতী হেৰুৱালোঁ  লিহিৰি বনতে,
  ঘোৰা হেৰুৱালোঁ দোপত।
পাই, হেৰুৱালোঁ  শহুৰৰ জীয়েকক
  চোতালৰ দুবৰি বনত॥ ১৭৪।

পাতোঁ কলা বাৰী   লৰাই খাব বুলি,
  মেলিলে জাহাজী ঠোক।
দেখি কলা বাৰী  ধৰে খুন্দা মাৰি
  সন্তাপে দহিছে মোক॥ ১৭৫।