পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৬
জনকাব্য

সাপ মাৰি নেগুৰত বিষ থোৱা অযুগুত॥
সৱাতকৈ হৰিকথা। তাতোকৈ আগ চাউলকঠা॥
সাত বিহুৰ সৈয়া কণী॥ সাত ঘাটৰ চেঙেলি॥
সাত ঘাটৰ পানী খোৱা। সাত ভতৰাৰ বল॥
সাপে খায়, বাঘে খায়, যদি মৰে জলে।
যাৰ যি হব লাগে নিজ কৰ্ম্মফলে॥
সাঁতোৰ সাঁতোৰ বাউসীৰ বলে।
সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে॥
সু-বাঁৰী নষ্ট হয় মাজে লয় বাট, সু-তিৰি নষ্ট হয়
নিতৌ বেহায় হাট। সু কাপোৰ নষ্ট হয় যদি লয়
জাপত। সু-পুত্ৰ নষ্ট হয় নুসুধিলে বাপত॥
সচি গৃহস্থৰ লোণ-তেল বয়, মিছাৰ বাকলি নাযায় ক্ষয়
সমান সতিনীৰ পো। ঘুমতি নাহে, চকুত লো॥
সোধ-পোচ নাই। বৰডেকা ভোজখাবলৈ যায়॥
সাত হাল হাতী এফালে। অদৃষ্টই টানে এফালে॥
সাপে খায় লেখি। বাঘে খায় দেখি॥
সখি, মৰো। শাহ খাই যে বাক্‌লি দিছিলা,
তাৰ উপকাৰ কৰো। সৰুকৈ মাৰিলে বৰকৈ
কান্দে। নিতৌ চাপনী টোপোলা বান্ধে।
সুখীতৰ নাৰী। ধান-শুঙে বিন্ধে, ফুৰে আটাহ পাৰি॥
সেইটি কোন? পূৰ্ণিমাৰ জোন।
চাকি চাৱ যদি উজনীয়া লোণ॥
সোণ কোমোৰা শোৱে মাটিত। ধদুৱা শোৱে পাটীত
সোতোৰা গালত ঠিয় খোপা॥
সাগৰত থাকে দুমুখীয়া শঙ্খ।
নেগুৰীয়া শামুকে বোলে ময়ো তাৰ বংশ॥
সোণৰ কঁৰিয়াৰ থোপ। তোলৈ নাযাওঁ,
যাম বাপেৰলৈ, মাহী আই বুলিবি মোক॥
সাত সেৰীয়া কাহী, খুদ চাউলৰ ভাত।
খোৱাৰ ধিক জীৱন, শুনাৰো লাজ॥
সেহাই সেহাই মাতিছে মটা হাঁহে।