পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৪
জনকাব্য

মৰে উৰুলি-পুঙা। মৰে পদূলি শুঙা॥
মৰে অলপ পানীৰ মাছ। মৰে নদীৰ ফুলৰ গাছ॥
মাতিলে ৰণলৈকো যাবা।
নামাতিলে ভোজলৈকো নাযাবা॥
মিতিৰৰ খোৱা-লোৱা। গৰুৰ চেলেকা-চেলেকি॥
মানীয়ে জানে মান। কাঠৰ ঢেকীয়ে বানি মৰে ধান॥
মাহেক-পষেকে যাবি। বৰপীৰাখন পাবি॥
দিনে দিনে যাবি, চৰ-লাঠি খাবি॥
মহাদেউৰ ধন। কুবেৰ ভৰালী॥
মুখৰ মূৰতে বঁটা পায়। মুখৰ মূৰতে কটাও যায়॥
মানুহৰ গাইমুৱা। কুকুৰৰ ছাইমুৱা॥
মানুহৰ বুঢ়া পৰ্কিতি লৰে। কুকুৰৰ বুঢ়া ফাপৰে ধৰে॥
মুনিনাঞ্চ মতিভ্ৰমঃ॥ মানুহে পাঙে, ঈশ্বৰে ভাঙে॥
মেধি। কুকুৰে নিলে খেদি॥ মেধি পৰিল খালত।
কুকুৰে কামুৰিলে গালত॥
মনে-খনা পুখুৰীত পানী খাবলৈ নাপায়॥
মাহ-গোটকড়াই খাওঁ। ৰজা-ৰণ দিবলৈ যাওঁ॥
মাছ মৰাৰ মোচাৰা, পহু মৰাৰ ডোখোৰা,
চৰাই মৰীয়াই শুদা ভাত খায়॥
মোৰ নহয় সতিনীৰ পো। পাটী নাই মাটিতে শো॥
মই খাওঁ আনৰ মোৰ খাই আনে।
বেজীৰ সলনি কুঠাৰখন হানে॥
মাকতকৈ কাজী। ঢেকীথোৰা লৈ বাট পাঁজী।
মই মৰিম, মোৰ পো ৰজা হব॥
মুখেৰে সাত হাল বায়। পুৱা হালে এহালো নাই।
মৰিয়াক ধন কেলেই। গৰীয়াক কাণ কেলেই॥
মই আছিলো ঢাৰি বৈ। মোক আনিলে বামুণটোকৈ॥
মোমায়ে কাঠ কাটে। মায়ে পানী যেন দেখে॥
মোৰ বোৱাৰী হব। চুলিত ধৰি বাটত থব॥
মাছে গৰকা পাচলি। শাহুৱে গৰকা বোৱাৰী॥
মিতিৰো ৰওক। চাউলো সিজক॥