পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩১
ৰহৰহী

বামুণৰ বৰুৱা, শূদিৰৰ পঢ়ুৱা॥ বাৰ জোৰা দিয়া॥
বুলিব জানিলে মজিয়াই ডেৰ পৰৰ বাট॥
বান্দীৰ কান্তা যোগ॥ বিনা মেঘে বজ্ৰপাত॥
বেল পৰিমাণে বাঢ়ে, তিল পৰিমাণে টুটে
বেঙেনা গছত হাঁকুটি লাগা॥ বেঙৰ ওঠৰখন পাম।


ভালৰ ভাল সৰ্ব্বতি কাল। বেয়াৰ ভাল ক্ষণকাল॥
ভালহে বুজে ভালৰ মোল।
আমাৰ গঙ্গাধৰ বোপা নে কোন॥
ভোকত ভাত পিয়াহত পানী।
তাক নাখালে বল হয় হানি॥
ভাত খোৱা ভতুৱা, কড়াই খোৱা গাধ।
আধা-খুন্দাৰ যি লডা খাৱ, সিহে বুকুৰ বান্ধ॥
ভাতৰ ভতুৱা মেখেলা ভাৰী।
ভাত বাঢ়ি থৈছো খোৱাহি আহি॥
ভাঙি আন মুচৰি খাওঁ। পুৱা হলে নাও মেলি যাওঁ॥
ভাল বুলি বন্ধালো সখি। পিছলৈহে কেনেবা দেখি॥
ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ।
বটুৱা ঘোঁৰাই বিচাৰে মাহ॥
ভাং কানি আফু। তাক নাখালে কিহৰ বাপু॥
ভাত খাই উঠি তিনি শিলিখা।
তাৰ মানত যম তিলিকা॥
ভুকুতে কলটো নপকে॥ ভোকহে, ভাতৰ আঞ্জা।
ভোজৰ ভাত দেখি চাঙৰ কঠিয়া দলিয়াই পেলা॥
ভাতৰ তিতা খাব পাৰি। মাতৰ তিতা খাব নোৱাৰি॥
ভাৰীক নেৰে ভাৰে। যুৱয়াক নেৰে পচলা খাৰে॥
ভাল খাটিলো বাঘক। পহু মাৰি দিলে আগত॥
ভাত হলে পুত নাই, পুত হলে ভাত নাই॥
ভাগৰ আগনি। ধপাতৰ শেহনি॥
ভাতৰ দামদুম, মাতৰ হেনা-হুচা॥