পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২১
ৰহৰহী

নাহৰতকৈ সুকাঠী॥। নজনাৰ মূৰত ভজনা॥
নুছুই ডুমুনী তুলি দিলে বোজা।
নপঢ়ি নুশুনি হলহি ওজা॥
ন ন ঋষিৰ ন ন মত। নিশ্বাস, তাত কিহৰ বিশ্বাস॥
নাই চাউল-পাত, কেনেকৈ খোৱা তপত ভাত। নাই
চাউল-পাত, ৰান্ধ শুদা ভাত, গাখীৰে পানীয়ে খাওঁ॥
নিধনী যেনি যায়, আছোক ভাত-মাছ হৃদয় শুকায়।
নিলগলৈ নাযাবা গা পুৰি মৰো।
ওচৰতে থাকা গা জুৰ কৰো॥
নাখাওঁ শালী ধানৰ ভাত। বোকাতো নিদিওঁ হাত।
নিজনামা উত্তমা, পিতৃনামামধ্যমা, শহুৰনামা অধমা।
নোহোৱাৰ লৰা হ'ল, নাম থলে গোপাল॥
নেগুৰ কটা নিলাজৰ বাৰীয়ে বাট।
নাকৰ এপাহি কাটিলি বান্ধৈ কাণৰ এপাহি কাট
নেদেখাই দেখিলে, ঢাৰি পাৰি লেখিলে।
বৰলাই তিৰুতা আনি মাহী আই যেন দেখিলে॥
নকলে বোপায়ে ছুৱাত খায়। ক’লেও আয়ে
কিল খায়॥ তেওঁৰে নহলো ভেত।
তেওঁৰ কথা শুনি মোৰ উখহি আহিছে পেট॥
নেৰিবা আদিমূল, নেৰিবা জাতি-কুল, নেৰিবা
বোলা বচন॥ নামৰ মুখেৰেই, থাক্॥
নামৰ পৰিলে সাং। দুৱাৰত মাৰাহি দাং॥
নাবা বুলিলেও চাৰি চাপৰ বায়।
বা বুলিলে যে লেখ-জোখেই নাই॥
নহাৰ নটা গুণ, আহাৰ দহোটা গুণ॥
নগাটো চাই হোৰাটো। নিন্দিলে বন্দিব লাগে॥
নগৈ গলোঁ, বেটি, পাগাল ডেকা পালোঁ। কি দিনো
খাম, বেটি, শুদাই থেকেৰা দি চাৰিগৰ্হা খালো।
ন’তে ন বুৰি, পুৰণি হ'লে ছ’বুৰি॥
ন’তে ন অঁৰা। পুৰণি হ'লে ছ-অঁৰা।
নৰকৰ কন্যা উদ্ধাৰিলেই শুচি॥ নান্নং নবস্ত্ৰং।