পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
জনকাব্য

থুপৰীৰ পৈ, মাজে-ফুটা ছৈ, কাটি খায় কটনা।
এই তিনিৰ যমৰ যাতনা। থেকেৰাৰ কি কেঁচা-পকা॥
থোক ক’ল থোকে খালে, মধুনাত দিলে পৰ।
কলী কুকুৰৰ এৱাঁ নামিল, ফপৰীয়া কুকুৰৰ জ্বৰ॥
থাকে ঘৰ-গৰু, নাথাকে বন-গৰু॥
থাক যদি ঘৰত। কেলেই খাবি পৰত॥ থাক যদি
থাক মনে মনে। গাখীৰ দি খুৱাম, ভাত ঘনে ঘনে॥
থেকেৰা ঠহা দে॥ থেকেচ নেকেচ কৰ॥
থালিভগা জুয়ে খেদ্॥ থেন্ থেন্ মেন্ মেন্॥


দ পথাৰৰ ভেঁট। চিনিব নোৱাৰি চকৰা-চকৰী,
আটাইৰে ঢোল যেন পেট॥
দায় নাই দেৱলীয়া। তিৰি নাই কেৱলীয়া॥
দুৰ্কপলীয়া যলৈ যায়।সাগৰ শুকায়, মাণিক লুকায়॥
দুখীয়াই কথা কয়, কথাত নিদিয়ে কাণ।
চহকীয়ে কথা কয়, গাখীৰে-গুৰে সান॥
দহো আঙুলীয়ে খায়। বুঢ়াই, হেঁচুকিলেহে যায়॥
দূৰৈৰ ৰৌ-বৰালী। ওচৰৰ পুঠি-খলিহা॥
দিন পালে খেণ পায়। খেণ পালে অজৰ-অমৰ হয়॥৷
দৰা দেখি সুৱাগুৰি তোল। দহ ভকতক সোধ॥
দেখাত দেখিছা ভেটগুটি। কথা আছে ডেৰকুৰি॥
দেখিছাহে বেঙা, জুই যেন টেঙা॥
দানক কৰিলে মান। পেলোৱা চোৱাক বোটলাই
খুৱালে, পথাৰত দোৱালে ধান॥
দেখিবলৈ পালোঁ, চাবলৈ নাপালোঁ॥
দেখিব নোৱাৰো যাক, দেখোঁ ঘনে ঘনে তাক।
চাবলৈ বিচাৰোঁ যাক, এবাৰো নেদেখোঁ তাক॥
দুখৰ উপৰি দুখ। কুকুৰে কামোৰে,
ছৱালে দলিয়াই, ক’তো নিমিলে সুখ॥