পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আকুল পথিক

ছাগৰ ছাল ছেলাবৰ ডবুৱা কটাৰি,
 পহুৰ ছাল ছেলাবৰ মিত্।
গাঁৱৰ বুঢ়া-মাথা, দায় নধৰিবাঁ,
 গাই যাম বতৰৰ গীত॥১১।

আই সৰস্বতী মাৱ পাৰবতী,
 তোমালৈ বান্ধি যাওঁ শৰাই।
পাহৰা পদকে সোঁৱৰাই দি যাবাঁ,
 যেন পাঁজিকটা শলাই॥১২।

আই সৰস্বতী ৰংফুল মালতী,
 তোমালৈ মানি যাওঁ পাৰ।
পাহৰা নামকে  সোঁৱৰণ কৰিবাঁ,
 যেন উজনীয়া নাৰ॥১৩।

আই সৰস্বতী ৰংফুল সেউতী,
 তোমালৈ মানি যাওঁ চিতল।
পাহৰা নামকে সোঁৱৰণ কৰিবাঁ,
 ডিঙি কৰি যাবা শীতল॥১৪।

আই সৰস্বতী ৰংফুল তগৰী,
 তোমালৈ মানি যাওঁ চাউল।
পাহৰা নামকে সোঁৱৰণ কৰিবাঁ,
 গীতৰ ভাঙি যাবাঁ আউল॥১৫।