পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
বিহুৱতী

শিমলু লেলেঙা,  ডালটি পোলোঙা,
 শিমলুৰ লেলেঙা ডাল।
গাভৰু লেলেঙা,  ভৰিটি পোলোঙা,
 জানো দেখিবলৈ ভাল॥ ৭৩৫।

মাকৰী ঘিলাৰ  ফাক, ঐ বহনা,
 মাকৰী ঘিলাৰ ফাক৷
মূৰ-গা ধূবলৈ  ঘিলা খুজিছিলা,
 ঘিলা দি পঠিয়াম কাক॥ ৭৩৬।

আলি বাটে বাটে  মহে লালি পাতে,
 ওৱাল বা কেহেলৈ গল।
ওদালৰ তলতে নাকী- জৰী বাটোঁতে,
 মহ বনৰীয়া হল॥ ৭৩৭৷

আউলী ধানকে  দাবলৈ যাওঁতে
 বাউলী বতাহে পালে।
কাচি দালি মাৰি  হাবিতে সোমালোঁ,
 গোটগাত বৰলে খালে॥ ৭৩৮৷

চেনেহৰ চুমায়ে  নাকটি ছিঙিলে
 ৰখাব নোৱাৰোঁ তেজ।
খৰকৈ যোৱাঁগে,  বহনাক কোৱাঁগৈ,
 তেৱেঁ লাগকহি বেজ॥ ৭৩৯।