পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
বিহুৱতী

বিহুৰে বিৰিণা  পাত, লগৰীয়া,
 বিহুৰে বিৰিণা পাত।
বিহু থাকে মানে  বিহুকে বিনাবি,
 বিহু গলে বিনাবি কাক॥ ৬৯৫।

ৰৈ ৰৈ ধেমালি  কৰ, প্ৰেমৰ মইনা,
 ৰৈ ৰৈ ধেমালি কৰ।
গাৰ ফটাকানি  জিৰিলি-জিপিৰি,
 তেও যে ধেমালি নেৰ॥ ৬৯৬৷

বিহু কৰি থাকিবি,  বিহু কৰি থাকিবি,
 বিহু কৰি থাকিবৰ মন॥
বিহু কৰি থাকিবি,  পলুৱাই নিনিবি,
 ভৰি যে মৰিবি ধন॥ ৬৯৭।

আইটি নাযায় ঐ,  কোৱাঁগে বুজাই ঐ,
 লাগে ফুল-বচা ৰিহা।
আনা হাত ধৰি,  দিয়াঁ আগ কৰি,
 ডেকালৈ দি যাম বিয়া॥ ৬৯৮।

ৰাতি দুপৰলৈ  কাটি সূতলাহি,
 ধনলৈ বিহুৱান বলোঁ।
ৰঙাকৈ আঁচুৰে  বাচি পানকটা,
 টিপতে লুকুৱাই থলোঁ॥ ৬৯৯৷