পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
জনকাব্য

ধনসিৰিৰ বাগৰি শুকান সিৰি ঐ।
আহ যাওঁ লগৰী ওমলোঁগৈ॥ ৫৮০।

ত্ৰিংশ অধ্যায়

সৰুজনী' বুলিলে বৰজনী বাই।
পিজলী কপাহ, ক’ত ক’ত পায়॥ ৫৮১।

পিজলী কপাহৰ মই জানো বুধি।
চাউল ছপুৰা আন পিঠাগুড়ি খুন্দি॥ ৫৮২।

মৰুৱা হাতৰ কপাহ আন কিনি।
কপাহ কিনি আনি তাই আছিলেক গুণি॥ ৫৮৩।

নেওঠনি আনি তাই পেলালে নেওঠি।
নেওঠা কপাহ তাই চুঙাত থলে তুলি॥ ৫৮৪।

ধনুখন আনি তাই পেলাইলেক ধুনি।
ধুনা কপাহ লৈ তাই আছিলে গুণি॥ ৫৮৫।

এসেৰা কাটিলে ৰেতেও-তেও।
এসেৰা কাটিলে পচলাৰ কেও॥ ৫৮৬।

এসেৰা কাটিলে বহি মাজ-ৰাতি।
তাৰে বান্ধিলে দঁতালকৈ হাতী॥ ৫৮৭।

এসেৰা কাটিলে সবাতকৈ সৰু।
তাৰে বান্ধিলে ভটৰা গৰু॥ ৫৮৮।