পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
জনকাব্য

শুৱাইছিলোঁ শুৱাইছিলোঁ জাপ কাপোৰ দি।
চোৰ শনিয়ে লৈ গল ঠেং তলেদি॥ ৫৩১।

হুচৰি বাই ঔ, চোলা নিলে চোৰে।
কেনেকৈনো থৈছিলি বাপেৰ-পুতেৰে॥ ৫৩২।

থৈছিলোঁ, থৈছিলোঁ খুটাৰ কেপত।
চোৰ শনিয়ে লৈ গল নিজৰ জেপত॥ ৫৩৩।

চৰু নিলে, হাড়ি নিলে, আৰু নিলে খৰি।
সোপাসোপে লৈ গ’ল মৰাপাটৰ জৰী॥ ৫৩৪।

চা চা বোৱাৰী কি কি নিলে।
দাখন সোলোকাই নালটো নিলে॥ ৫৩৫।

জুই ধৰ, ছাই ধৰ, লৰা-লুৰি লেখোঁ।
চোৰে নিলে হব পায়, নিছেই তাকৰ দেখোঁ॥ ৫৩৬।

জুই ধৰ, ছাই ধৰ, কাঁহী-বাটি লেখোঁ।
চোৰে নিলে হব পায়, নিছেই তাকৰ দেখোঁ॥ ৫৩৭।

জুই ধৰ, ছাই ধৰ, মুৰৰ চুলি লেখোঁ।
চোৰে নিলে হব পায়, নিছেই তাকৰ দেখোঁ॥ ৫৩৮।

কেৰুকো নিয়ালি তই, মণিকো নিয়ালি।
ঢাৰিকো নিয়ালি তই, পাটিকো নিয়ালি॥ ৫৩৯।

হুচৰি বাই, তই জীয়ৰী ছোৱালী।
বোৱাৰী, বোৱাৰী ঐ! গাকে ৰোৱালি॥ ৫৪০।