এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
জ্ঞানমালা।
আমি আচৰিত হব লগিয়াত পৰোঁ। মানুহৰ প্ৰেম উদাৰতাও সময়ত এই হিংস্ৰজন্তু বিলাকৰ প্ৰেম উদাৰতাৰ ওচৰত হাৰ মানে।
বিলাতত বাঘ ভালুক সিংহ বন্দী কৰি থোৱা পশুশালা আছে। সেই পশুশালাত বন্ধ থকা জন্তুবিলাকক চাবলৈ বহুত সময়ত বহুত মানুহ যায়। এদিন এটা মানুহে সেই জন্তুবিলাক চাবলৈ যাওঁতে লগত এটা কুকুৰ লৈ গৈছিল। ৰঙ্গ চাবৰ মনেৰে লগত লৈ যোৱা কুকুৰটোক সি এটা সিংহৰ গৰালত পেলাই দিলে। ভীষণ মূৰ্তি সিংহৰ মুখত পৰি কুকুৰটো প্ৰাণৰ ভয়ত কঁপিবলৈ ধৰিলে। কিন্তু কি আচৰিত! যাৰ তেজ মঙ্গহ খাবলৈ সিংহ সততে ব্যস্ত, বনত যি শিকাৰ কৰি