দৈৱকী-বসুদেৱ কাৰাগাৰত আৱদ্ধ। বসুদেৱে সন্তানটি ফিৰাই লৈ যোৱাৰ পাছতেই মহৰ্ষি নাৰদ কংসৰ ওচৰত উপস্থিত হল। নাৰদে কংসক কবলৈ ধৰিলে “অবোধ কংস, তই বুজা নাই নে যে বসুদেৱ, নন্দ আদি সকলোবিলাক বিষ্ণু অংশ দেৱতা। দৈৱকী, যশোদা আদি সকলোবিলাক দেৱনাৰী; তই পূৰ্বত কালনিমি আছিলি। বিষ্ণু দৈৱকীৰ গৰ্ভত পুনৰ জন্মি তোক মাৰিব। তোৰ যিবিলাক জ্ঞাতি সকলোবিলাক তোৰ বৈৰী।” কংসই নাৰদৰ কথা৷ শুনা মাত্ৰেই ভয় খাই দূত পঠাই দৈৱকী-বসুদেৱক আনি লোহা লগাই বন্দীশালত থোৱালে আৰু ৰখিবলৈ অনুচৰ নিযুক্ত কৰিলে।
এই সময়ত কংস ৰত্ন-সিংহাসনত বহিছে, তেওঁৰ এজন অনুচৰে মূৰৰ ওপৰত বিচিত্ৰ ৰত্বখচিত ছত্ৰ ধৰিছে; এজন গা ৰখীয়া সৈন্যই ঢাল-তৰোৱাল লৈ ৰজাৰ আদেশলৈ অপেক্ষা কৰি আগত বহি আছে।
देवकी-बसुदेव कंसके कारागारमें। बसुदेव सन्तान को लौटा ले जानेके बाद महर्षि नारद कंसके पास हाजिर हुए। नारद कहने लगे—अबोध कंस! तूने क्या समझा नहीं कि बसुदेव, नंद वगैरह सभी विष्णुके अंश देवता हैं, देवकी, यशोदा आदि सभी देवनारियां हैं; तूँ पहले कालनेमि था। विष्णु देवकीके गर्भमें फिर जन्मकर तुझे मारेंगे। तेरे जितने कुटम्बो हैं सभी बैरी हैं। कंस ने नारद की बात सुनते ही डरकर दूत भेजकर देवकी-वसुदेव को लाकर लोहे की जंजीर लगाकर कैंदखाने में डलवा दिया और पहरा देनेके लिए अनुचर नियुक्त कर दिया।