পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেইবা ঠাইতো থাকি শেষত ধুঞাঁহাটাত গৈ বাস কৰে। ইয়াত তেওঁ ওঠৰ বছৰ কাল একেৰাহে থাকি বহুতক এক শৰণ ধৰ্ম্মত শৰণ দিয়ে। মহাপুৰুষ ত্ৰীমাধৱদেৱে ইয়াতেই শ্ৰীশঙ্কৰৰ সঙ্গ লাভ কৰে। এই সময়ৰপৰা এক শৰণ ধৰ্ম্ম উজনীত কোৱাল ভাৱে চলিবলৈ ধৰে। কিন্তু কিছুদিন পাছতেই ৰজাৰ কোপদৃষ্টি পৰাত শ্ৰীশঙ্কৰে উজনী অসম ত্যাগ কৰি ভটিয়াই আহি মহাৰাজ নৰনাৰায়ণৰ ৰাজ্য কামৰূপৰ পাটবাউসী পায়হি। শ্ৰীশঙ্কৰে শিষ্যসকলৰ সৈতে পাটবাউসীত বহুকাল থাকে।
 শ্ৰীশঙ্কৰদেৱে প্ৰাচীনকালৰ বৌদ্ধসংঘ্ৰামৰ দৰে সত্ৰপাতি বহুতো উদাসীন আৰু গৃহস্থী ভকত বাস কৰোৱাৰ ব্যৱস্থা কৰিছিল। সত্ৰবোৰ গণতান্ত্ৰিক নিয়মে চলোৱাইছিল; তদুপৰি প্ৰত্যেক সত্ৰতে পুথিভৰাল, পণ্ডিত, লিখা-পঢ়া, শিকাৰ ব্যৱস্থা, ঔষধ তৈয়াৰ কৰা শিক্ষা, চিত্ৰ বিদ্যা, খনিকৰি বিদ্যা আদিৰ চৰ্চ্চাৰো ব্যৱস্থা আছিল।
 শ্ৰীমস্ত শঙ্কৰদেৱৰ প্ৰধান কৰ্ম্মক্ষেত্ৰ পাটবাউসী ধাম; ইয়াত থকা কালতেই শ্ৰীদামোদৰদেৱ, শ্ৰীহৰিদেৱ, শ্ৰীগোপাল দেৱ (আতা) আৰু শ্ৰীনাৰায়ণ ঠাকুৰে তেওঁৰ সঙ্গলাভ কৰি এক শৰণ ধৰ্ম্ম প্ৰাচীন কামৰূপত বহুলভাৱে প্ৰচাৰ কৰে। কিছুদিন এইদৰে ধৰ্ম্মপ্ৰচাৰ হলত শ্ৰীশঙ্কৰৰ ওপবত মহাৰাজ নৰনাৰায়ণৰ কোপদৃষ্টি পৰে; কিন্তু পাছত মহাৰাজে শ্ৰীশঙ্কৰৰ গুণ-গৰিমা বুজি পাই তেওঁক বিশেষ আদৰ কৰে আৰু নিজ ৰাজধানীৰ ওচৰতে তেওঁৰ থকা মেলাৰ বন্দোৱন্ত কৰি দিয়ে। শ্ৰীশঙ্কৰে প্ৰায় ৯১ বছৰ বয়সত এই পাটবাউসীৰ পৰা ১১০ জন শিষ্য লগত লৈ ২য় বাৰ

यहाँ लगातार १८ बरस तक रह कर बहुत लोगोंको एक शरण धर्मकी शिक्षा दीक्षा दी। महापुरुष माधवदेव यहींपर इनके सत्संगमें आये। इसी समयसेही उजनीमें एक शरण धर्मका प्रभाव जोरसे होने लगा। लेकिन थोड़े दिनोंके बाद वे राजाकी कोपदृष्टिमें पड़ कर उजनी असम छोड़ कर महाराज नरनारायणके राज्यमें तथा कामरूप जिलेके पाटबाउसी नामक स्थानमें चले गये और अपने शिष्यों सहित वहीं पर अनेक दिनों तक रहे।
 श्रीशंकरदेवने बौद्ध संघाराम कहीं कहींपर सत्र बनवाकर बचुतसे उदासीन और गृहस्थी भक्तोंको बसानेकी व्यवस्था की थी। सत्रोंको गणतान्त्रिक पद्धतिसे चलानेकी व्यवस्था थी। उसमें भी हर सत्रमें पुस्तकालय, शिक्षा देनेकी व्यवस्था, औषध बनानेकी शिक्षा, चित्रविद्या, तथा कारीगरी विद्या आदिकी चर्चा करनेकी व्यवस्था थी।

 श्रीशंकरदेवका प्रधान कर्मक्षेत्र पाटबाउसी है। इस समयमेंही श्रीदामोदरदेव, श्रीहरिदेव, श्रीगोपालदेव (आता) और श्रीनारायण ठाकुर आदि पुरुषोंने उनका संग लाभ किया था।, वे एक शरण धर्मका प्रचार, कामरुपमें करते थे। कुछदिन इसी तरह धर्म-प्रचार करनेके बाद महाराज नरनारायणकी कोपदृष्टि पड़ी— लेकिन बादमें महाराजने श्रोशंकरकी गुण-गरिमा देखकर उन्हें विशेष सन्मानित कर अपनी राजधानीके नजदीक ही उनके रहनेकी व्यवस्था करवा दी। श्रीशंकरदेवने करीब ९१ बरस ही उम्रमें पाटवाउसीसे ही १२ शिष्यों को लेकर दूसरीबार