পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
চিকাৰ কাহিনী


কৰিছিল; কিন্তু চেষ্টা ব্যৰ্থ যেন পাই শুৰেৰে ধৰিবলৈ চালে। বুজিলোঁ, তাৰ পক্ষে উঠা অসম্ভৱ। নিশ্চিন্ত হৈ আৰু আগবাঢ়িলোঁ।

 মত্ত গজহস্তীৰ এনে অৱস্থা দেখি অলপ বেয়া লাগিল। তাৰ পিচত আন এটা গুলীৰে গজেন্দ্ৰৰ মুক্তিসাধন কৰা হ'ল।

 অলপ চাই-চিতি দা-কুঠাৰ আনিবৰ মনেৰে ঘৰমুৱা হৈ খোজ লওঁতেই দূৰৈত কোনোবাই ডাঙৰ মখনা এটা অহা বুলি চিঞৰা শুনিবলৈ পালোঁ। আকৌ আগবাঢ়ি পৰ্বতত উঠিলোগৈ। গছৰ আঁৰ লৈ ৰথ দিলোঁ। কুঁহিৰামক আগবাঢ়ি চাবলৈ কালোঁ। সি এখোজ দুখোজ গৈ ভয়তে আৰু আগ নাবাঢ়ে। অলপ ধমক দিয়াত আগবাঢ়ি গ'ল। ক্ষন্তেক পিচতে সি চুলি মেলি দৌৰি আহি কলে,“মখনা হাতী এটা আহিব লাগিছে।” কওঁতে কওঁতে তেওঁ আহি ওলালহিয়েই। অলপ দূৰৈ বুলি গুলী মাৰো নামাৰো কৰি থাকোতেই আমাক দেখি তেওঁ হাবিত লুকাল। মনটো কেনেবা লাগিল। লৰালৰিকৈ শব্দ অনুসৰণ কৰি পূবৰ পিনে আগবাঢ়ি গছ এজোপাৰ আঁৰত ৰলোঁ। শব্দ নোহোৱা হ'ল।

 কিন্তু চকুৰ পলকতে দেখিলোঁ, গছ এডালৰ আঁৰ লৈ কাণ থিয় কৰি আমাৰ পিনে তেওঁৰ লাগি চাই আছে, অৰ্থাৎ খেদিবৰ মন। চকুৰ পচাৰতে গছৰ গুৰি এৰি দুখোজ আগবাঢ়িলোঁ। হাতীয়েও আমাক লক্ষ্য কৰি খোজ ললে। তিলমানো পলম নকৰি সেই মুহূৰ্ততে ভুচুং চাই মাৰিলোঁ গুলী। গুলী খাই এখোজো নিদিয়া-কৈয়েই বাগৰ ললে গজৰাজে। বাগৰ লোৱাৰ আগতেই জীৱ বাজ হোৱা যেন লাগিল, কাৰণ, কাণ-শুৰ একো লৰোৱা দেখা নগল। গুলী মৰা ঠাইৰপৰা হাতী থকা ঠাইলৈ ১৫ গজৰ বেছি নহব।

 এঘণ্টাৰ ভিতৰতে দুটা হাতী পৰিল, চকৰদৰ পূৰ্ব সুনাম আকৌ উজ্জ্বল হৈ উঠিল। হাতী পৰা শুনি চাৰিওপিনে কোহাল লাগিল। গছৰপৰ৷ মিকিৰৰ ল'ৰাবোৰে বান্দৰৰ দৰে নামিবলৈ ধৰিলে। ডেকা-বুঢ়া সকলোৱে য’ৰে বস্তু ত’তে এৰি হাতীৰ চাৰিওফালে জুম