পলাল । সন্তোষেই যদি সুখ হয়, সিহঁতৰ সুখৰ অভাৱ নাই ৷
সুস্থ শৰীৰ, নিৰুদ্বেগ মন, অতি অকাতৰ চিত্ত। ল'ৰা পিঠিত লৈ
ওৰে দিনটে৷ পৰ্বতে-ভৈয়ামে কাম কৰি ফুৰে। অৱসৰ সময়ত
সমনীয়াৰ লগত হাঁহি-খিকিন্দালি কৰি আনন্দ উৎসৱ কৰে । সময়ে
সময়ে ঘৰতে মদ কৰি খায় আৰু নাচ-বাগ কৰে; কিন্তু গৃহ-কার্য
অৱহেলা কৰা দেখা নাযায়। নৰিয়া হলে পূজা দিয়ে, জৰা-ফুক৷
কৰে আৰু গছপাতেৰে দৰবো দিয়ে। বেমাৰত সহৰকৈ মৰিলে
ঘৰ-দুৱাৰ এৰি ঠাই সলায় ৷ নিঝৰাৰ পৰিষ্কাৰ পানী খায় আৰু
খায় খেতিৰ ন ন শাক, কচু ; থাকে সৰহভাগ মুকলি পথাৰত ।
সেইবাবেই বেমাৰ কম আৰু দীর্ঘজীৱী হয় সিহঁত; কিন্তু
সভ্যতাৰ কোবত আমি যি দুদিন জীয়াই থাকেঁ৷ তাতো যম-যন্ত্রণা
ভুঞ্জি মৰে৷ ; শিক্ষাভিমানী ডাক্তৰ-কবিৰাজে ৰোগ নিৰ্ণয় কৰি,
চিকিৎসা কৰি ৰক্ষাৰ হেতু উলিয়াব নোৱাৰে৷ বৰ্তমান শিক্ষাই
প্রকৃত সত্যৰ স্বৰূপ কিমানদূৰ প্ৰকাশ কৰিব পাৰিছে তাক
নিঃসন্দেহে কোৱ৷ টান । মোব বিশ্বাস, শিক্ষাই অশিক্ষাই এয়েই
জীৱন ৷ দিনৰ পিচত দিন যাব, যুগৰ পিচত যুগ যাব—সুখ-দুখৰ
সমাবেশত জীৱন চলিয়েই থাকিব। মনৰ গতিয়েই সুখ-দুখ
নিৰাকৰণ কৰে, সুখ দুখৰ স্ৰজন, পালন আৰু সংহৰণ কৰে ৷ সেই
চঞ্চল মনক সংযত কৰাৰ উপায় অর্জুনে সোধাত শ্রীকৃষ্ণই গীতাত
অলপ কথাতে উত্তৰ দিছিল—
“অসংশয়ং মহাবাহে৷ মনোদুর্নি গ্রহং চলম্ ;
অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেন চ সৃহ্যতে।”
মন অতি চঞ্চল, তাক বান্ধিবৰ দুটা প্ৰকৃত উপায় আছে। এটা হৈছে অভ্যাস পৰমযোগ আৰু দ্বিতীয় হৈছে বৈৰাগ্য, অর্থাৎ নিত্যা- নিত্যজ্ঞান, প্রকৃষ্ট জ্ঞান । পৰম জ্ঞানী আছিল ব্যাসদেৱ ; কিন্তু সুখ- দুখৰ অতীত পৰম আনন্দময় বৈৰাগ্য যোগসিদ্ধ জ্ঞানী মহাপুৰুষ আছিল শুকদেৱ ৷