পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
চিকাৰ কাহিনী


থকা দাঁতটো মাটিত পোত গৈছিল। অলপ পৰৰ পিচত দাঁত কটা অভিনয় আৰম্ভ হ'ল। অনেকদিন দাঁত কাটোতে দুই-চাৰিজন লগ পাইছিলোঁ, কিন্তু সেইদিনা কোনেও হাতী নোচোৱা হ'ল—বিশেষতঃ এইটে৷ দেওলগা হাতী বুলি প্ৰবাদ থকাত। মৈমনছিঙীয়া, কছাৰী,ল’ৰাই, তিৰোতাই চাবলৈ লোকে লোকাৰণ্য হ’ল। ই বোলে মোৰ ধান খাইছিল, সি বোলে মোৰ ঘৰ ভাঙিছিল এইজনাই। এদিন গোকুলত নামৰ ধ্বনি উঠিছিল; “ভাল হ’ল মৰি গ'ল গোকুলৰ বৈৰী পুতনা। মৰি গ'ল কোনে দিব খৰি।” ইত্যাদি।

 সেইদিনা সেইদৰে গজেন্দ্ৰৰ মৃত্যুতে৷ কীৰ্তন-ঘোষ৷ চলিছিল;কিন্তু দাঁত কটাৰ প্ৰসঙ্গ হোৱা মাত্ৰেই এটি দুটিকৈ খোজ লবলৈ ধৰিলে। কুঁহিৰামে হাতীৰ তেজেৰে ৰাঙলী হৈ দাঁত কাটিবলৈ ধৰিলে। কাটি কাটি সি ভাগৰি গ'লত ড্ৰাইভাৰজনে অনিচ্ছা সত্ত্বেও কুঠাৰ ধৰিলে আৰু বহুতো পৰিমাণে সহায় কৰিলে, কিন্তু দুৰ্কপলীয়াৰ কপাল! এখন ভূটিয়া দাৰে মঙহ কাটিব ধৰোঁতে তাৰ আঙুলিটে৷ কাটি তেজৰ ধাৰ ব’বলৈ ধৰিলে। আন্ধাৰ হ’লত চাকি লগাই কাম কৰিবলগীয়া হ'ল। মহে চাৰিওফালে বেঢ়ি ধৰি সশব্দে আক্ৰমণ কৰিলে। অতি কষ্টেৰে এপৰমান ৰাতি যোৱাত দাঁত উলিয়াই কেম্পলৈ উভতি আহিলো।

 হাতী মৰা অতি টান কাম, কিন্তু একেদিনাই দাঁত উলিওৱা তাতোকৈ টান কাম যেন লাগে। মৰাৰ লগে লগে দাঁত নুলিয়ালে ৬ মাহলৈ উলিওৱা অসম্ভৱ হব বুলি কলে বঢ়াই কোৱা নহব। মৰা মাত্ৰেই লাখে লাখে মাথি উপস্থিত হয় আৰু পিচদিন৷ কোটি কোটি পোকৰ সৃষ্টি হয়। গোন্ধত মূৰ ঘূৰাই যায়, নাড়ী-ভুৰি ওলাই অহাৰ উপক্ৰম হয়। হাতী এৰি আহিলেই ওলাই থকা 'ভাগ কৰতেৰে অতি সহজে কাটি লৈ যায়। তথাপিও চৰকাৰে দুখীয়া খেতিয়কৰ পৰম শত্ৰু নিধনৰ কাৰণে অলপো টকা দি চিকাৰীক সহায় নকৰে। মনত পৰিল—