পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মায়া-হস্তী

 সেইদিনা গাটে৷ অলপ বেয়া আছিল।তিনিদিনমান নিষ্কৰ্মা হৈ বহি থাকি মনটো উচ্ পিচ্ কৰি আছিল। ক’লে যাওঁ, কি কৰোঁ,এইদৰে ভাবি-চিন্তি হাতীৰ কাৰণে গিৰিহঁতলৈ দুখনমান চিঠি লিখিলোঁ।

 এজনে পত্ৰবাহকৰ হাততেই উত্তৰ দিলে—হাতী দিম বুলি। খবৰ পাই মনটে৷ ভাল লাগিল; লগে লগে গাটোও ভাল লগা যেন পালোঁ। স্থিৰ কৰিলোঁ—পাওঁ নাপাওঁ, হাতীকে এটা বিচাৰি আহোঁ। খোৱা-বোৱাৰ বস্তু, চিকাৰৰ আহিলা-পাতি, বন্দুক, গুলী আদি লৈ শ্ৰীমান কুঁহিৰাম আৰু ৰান্ধনি শ্ৰীমান মহেন্দ্ৰক লগত লৈ হাৱাগাড়ীৰে ( মটৰেৰে ) যাত্ৰা কৰিলোঁ।

 ৰঙিয়া পায়েই শুনিলোঁ, দঁতাল এটাই মানুহ মাৰিছে, ঘৰ ভাঙিছে আৰু ভঁৰাল ভাঙি ধান খাইছে। কুন্‌কী হাতী তাতেই আছিল। হাতী ওলোৱা ঠাইলৈ হাতী পঠিয়াই দি হাৱাগাড়ীৰে কেম্পলৈ যোৱা স্থিৰ কৰিলোঁ। সেই ঠাই ৰঙিয়াৰপৰ৷ আঠমাইলমান হব। হাতী পঠিয়াই দি মাল-বস্তু লৈ আমি ৰঙিয়৷ এৰি ডেফেলী ( ডেকেলী ) লৈ যাত্ৰা কৰিলোঁ।

 ভালেমান পৰৰ পিচত তাৰপৰা অলপদূৰ গৈয়েই হাতী গজেন্দ্ৰ গমনে গৈ থকা দেখিলোঁ। বেগাই যাবলৈ কৈ আমি গাড়ী চলালোঁ। তিনিমাইলমান গৈছোঁ, এনেতে তৰণী বুলি এডোখৰ ঠাইত এখন দোকানৰপৰা এজন বয়সস্থ মানুহে গাড়ীৰ পাছে পাছে দৌৰা গম পালোঁ, কাৰণ, ধূলিৰ কোবত মানুহজন প্ৰায় দেখা নোপোৱা হৈছিল। মানুহজনৰ আগ্ৰহ দেখি কিবা জৰুৰী কাম থক৷ ভাবি গাড়ী ৰখাবলৈ কলোঁ; গাড়ী ৰ'ল, ধুলিৰে সৰ্বশৰীৰ আবৃত হোৱ৷ দোকানৰ মালিকজন ওলাই মুৰ দোঁৱাই সেৱা জনাই প্ৰশ্ন কৰিলে, “দেউতা! ক’ক যাব?” ইয়াকে সুধিবলৈ গাড়ী ৰখোৱাত