খোজকাঢ়ি হাতী বিচাৰি
হঠাতে খবৰ পালোঁ, দীপৰত হাতী নামিছে। দীপৰ এখন ডাঙৰ বিল- গুৱাহাটীৰ পশ্চিমে ৯ মাইলমান দূৰত।
খবৰ পায়েই অলপ বয়-বস্তু লৈ মটৰেৰে যাত্ৰা কৰিলো—৪ মান বজাত।
সদৰ আলি এৰি গাঁৱলীয়া বাটেৰে কোনোমতে বিলৰ পাৰ পালোঁহি। নাৱেৰে বিল পাৰ হৈ ‘কেম্প' পাওঁতে সাঁজ লাগিল। জানিলোঁ, বিলত হাতী নমা হয়।
স্থানীয় চিকাৰী বলবাহাদুৰৰ লগত পৰামৰ্শ কৰি ৰাতি হাতী নোজোকাই পুৱাতে পৰ্বতলৈ বিচাৰি যোৱাকে ঠিক কৰিলোঁ আৰু সেইমতে কাউৰীয়ে কা নৌ কৰোঁতেই বলবাহাদুৰক পঠিয়ালোঁ খবৰ কৰিবলৈ।
এঘাৰমান বজাত উভতি আহি খবৰ দিলে হাতী লগ পোৱা বুলি, ৪ মাইলমান দূৰত পৰ্বতৰ ওপৰত।
কিন্তু খবৰ দিয়াৰ লগে লগে কলে যে বাট অতি দুৰ্গম—নাই বুলিলেই হয়। হাবি ভাঙি বাট উলিয়াই যাব লাগিব; হাতীয়ে খেদিলে পলোৱা টান ইত্যাদি ইত্যাদি কথা কৈ মই পৰ্বতলৈ হাতী বিচাৰি যোৱাত উৎসাহ দিয়া দেখা নগ'ল। এবেলি ভাবিলোঁ,পৰ্বতলৈ যোৱাৰ আশা এৰি দি ৰাতি বিলতে ‘টৰ্চ’ দি কিবা কৰিব পাৰিনে চাওঁ; আকৌ ভাবিলোঁ, বিলত হাতে হাতে লগ পোৱা টান। দূৰৈৰপৰা গুলীয়াই হাতী মৰা সম্ভৱ হব পাৰে কিন্তু ঠাইতে বগৰাব নোৱাৰিলে হাতী বিচাৰি পোৱা টান। হাতী মৰাৰ লোভ সামৰিব নোৱাৰি শেহত যোৱাকে ঠিক কৰিলোঁ। দুপৰীয়া ১২ মান বজাত