পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
[ ১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

বোপাৰ মাক, তোমাৰ লৰাৰ যেনে বিদ্য়া হৈছে, তেওঁ কোনোবা দিনা বিদ্যাসাগৰ খিতাপ লৈ, মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকনক বৰফুকননীৰে সৈতে লৈ গৈ সাগৰৰ সোঁমাজতে বুৰাই নথলেই মঙ্গল। জানা আজলা লৰাৰ মাক, যদিও তুমি পতিয়াব নোখোজা, তথাপি কওঁ, এই লৰাই আমাৰ কুলত কলঙ্ক সানিলে। হাতী যেন মঙহাল, গাহৰি যেন পেটাল, মদপী মানুহ এটা আছে, তাক তুমি কেতিয়াবা দেখিছা কিজানি, সি হল তোমাৰ বৰপুত্ৰৰ লাওপানীৰ বান্ধ। আৰু চোৰ, ভঙুৱা, মাদাহী গোটাচেৰেক আছে, সিহঁত হল তাৰ লগৰীয়া। তোমাৰ পোৱাই সিহঁতৰ সঙ্গত আমাৰ পিতৃ পিতামহৰ যহ বঢ়াই মদেৰে দিনৌ তপত পিঁৰ দিব লাগিছে। আমি সকলোবোৰ আমাৰ পূত্ৰৰ পুণ্য়ৰ ফলত, ৰাজহংস হৈ এতিয়া মানস-সৰোবৰলৈ বা সৰ্গলৈ উৰি যামহঁক, আৰু ভয় নাই। পিতৃ পিতামহৰ, বিদ্য়া -ক্ষত্ৰিয়বিদ্যা,বা ভাল মানুহে চৰ্চ্চা ৰখা শাস্ত্ৰবিদ্যা, নাইবা ৰাজান্তিকৰ বিদ্যা ইত্যাদিৰ সি ওচৰলৈকে নাযায়; দিনেৰাতিয়ে সৰু মানুহৰ লগত ঘুৰি ফুৰি চোৰ ডকাইতৰ বিদ্য়া হে উপাৰ্জ্জন কৰি ফুৰিছে। সঁচাকৈ কৈছোঁ,সি আমাৰ নাক কটালে। তোমাৰ গৰ্ভতে সি কিয় মৰি নগল।

 ভাৰ্য্য়া। (চকুলো টুকি) মোৰ লৰাটোৰ কোনে নো মঙহ খালে? উ : উ ---মই বুজিছোঁ, কোনোবাই তাক আহুদি খুৱাই হে তেনে কৰিলে। মোৰ লৰাটোক খিয়াল কৰি কোন শত্ৰুৱে নো এনে কৰিলে-উ! উ" ( চকুলো টোকে)