পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৬
[ ৫ম অঙ্ক,
চক্ৰধ্বজসিংহ।

লবৰ সম্ভেদ পাই, গৰ ভাগিলেই ততালিকে তাক বাটিবুটি বান্ধি তৈয়াৰ কৰিবৰ নিমিত্তে সকলো যোগাৰ-যন্ত্ৰ কৰি ৰাখিলোঁ। ৰামসিংহই সিন্ধিৰ মুখৰ খাৰত জুই লগাই গৰ ভঙা মাত্ৰকতে গোটেইখন ধূৱঁলি-কুৱলি হৈ কোনোৱে কাকো নেদেখা হল। সেই সুযোগতে ভগা গৰ আমাৰ মানুহে ততালিক বান্ধি পেলালে। ৰামসিংহই তুৰুকচোৱাৰ সৈন্য়ক গৰৰ ভিতৰত সুমাবলৈ যি ফন্দি পাতিছিল, সি একেবাৰেই বিফল হল। ইয়াৰ পিছত ৰামসিংহই আকৌ শৰাইঘাটৰ ফালেই গৰ পাৰ হবলৈ প্ৰাণ টাকি যত্ন কৰিলে। আমাৰ সৈন্য আৰু মছলমানৰ সৈন্য দুয়ো দলৰ ভিতৰত বিষম যুদ্ধ হল। ৰামসিংহৰ ৰাজপুত সেনাই আমাৰ কাঁৰ আৰু বৰতোপৰ গুলিৰ বাধা নগণি একে হেচোকতে গৰ পাৰ হবলৈ লৰি আহিল; আমাৰ সেনাইও অজস্ৰ গুলি বৰষিবলৈ ধৰিলে। অলেখ ৰাজপুত পালোৱান যুজাৰু বাগৰি পৰিল। এনেতে দেখা গল, মৰণক ইতিকিং কৰি চাৰিটা ৰণুৱা গৰৰ ওপৰত উঠিলহি। আমাৰ সৈন্য়ই তৎক্ষণাৎ সিহঁতক তৰোৱালেৰে কাটি বগৰাই পেলালে। অৱশেষত ৰামসিংহই নিৰুপায় হৈ তেওঁৰ সৈন্য পিছ হোহোঁকাই নিলে। ইয়াৰ পিছত, শৰাইঘাটত থকা আমাৰ সেনাপতি মাজু অভয়াপুৰীয়া ৰাজখোৱাক জিনিবৰ আশা পৰি- ত্যাগ কৰি ৰামসিংহই লঠীয়াৰ ফালে গৰ পাৰ হবৰ মনেৰে, সেই ফালে কাঁৰ গুলিয়ে ঢুকি নোপোৱা ঠাইত কোঠ মাৰিবলৈ আৰম্ভ কৰিলে। লঠিয়াত বাঁহগৰীয়া বুঢ়াগোহাঁয়ে ৰামসিংহৰ সেনাৰ আলেখ্