পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীমন্ত মাধৱ নাম ধৰি,  বিষয় সুখক পৰিহৰি,
  কৃষ্ণষশৰস কৰিলা যিতো বিস্তাৰ।
দামোদৰ মত অনুসৰি,  মুখে গোবিন্দৰ নাম ধৰি
  শান্ত হৰিনাম বখানিলা সাৰে সাৰ॥”৫

 শঙ্কৰদেৱৰ দেহত্যাগৰ পাচত মহাপুৰুষীয়া আৰু বামুনীয়া দুটা দল হল আৰু ইয়াৰ মূল যে মাধৱদেৱ তাক সকলোৱে জানে। ৺ৰামচৰণ ঠাকুৰৰ ৰচিত শঙ্কৰ চৰিত্ৰত এই বিষয়ে এই দৰে লিখিছে :—

“দামোদৰ গুৰুক যে মাধৱে বুলিলা॥২২৪
বোলে কেনমতে এক প্ৰবৰ্ত্তাহা তুমি।
তিনি গুটি কথা আবে কহাঁ শুনো আমি॥
হেন শুনি দামোদৰে কৈলা মাধৱতে।
বোলে প্ৰবৰ্ত্তোহো আমি ভাগৱত মতে॥২২৫
আৰো দুই গুটি তাৰ পাচে কহিলন্ত।
হেন শুনি মাধৱে তাহাঙ্ক বুলিলন্ত॥
বৰিষেক মাত্ৰ দুৰু বৈকুণ্ঠ যাইবাৰ।
এতেকে লৰিল মতি দেখোহো তোহ্মাৰ॥২২৬
 * * * *
আপুনাৰ মতে তুমি থাকা আবে যাই।
তোহ্মাৰে আহ্মাৰে সম্ভাষণ আৰ নাই॥”২২৮

 শঙ্কৰদেৱে ১৪৯০ শকত তনুত্যাগ কৰে, আৰু এই বিবাদ প্ৰায় ১৪৯১ শকত হয়, কিয়নো মাধৱদেৱে কৈছে “বৰিষেক মাত্ৰ গুৰু বৈকুণ্ঠক গৈল”। ঘোষাৰত্ন এই বিবাদৰ পাচত লিখা হলে দামোদৰ দেৱৰ এজন প্ৰধান শিষ্য হৈ ৺গোপাল মিশ্ৰই মাধৱদেৱৰ বিষয়ে এনে ভাবে উক্তি কৰা সম্ভৱ নহয়। বান্ত বকেও এই বিবাদৰ পিচত লিখা