পৃষ্ঠা:গুৰুচৰিত.djvu/৫২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুনিয়া সমস্ত লোক আইলা ভাঠিবেলা। মিঠাই চৰু লইয়া পাচে আমদাস গৈলা। কহিল শঙ্কৰদেৱে স্বপ্নৰ কথাক। বিধৱা ব্ৰাহ্মণী এক কহিলে মোক ২৩২৫ শুনিয়া সমস্ত লোক বিস্ময় ভৈলেক। বহুলোক বিলাইবে নাটিবে নিলেক। বোলত কৰিয়ো গুড়ি তেবেসে আটিব। অল্প অল্প কৰি আক সমস্তকে দিব। ২৩২৬ হেন শুনি গুড়ি তাক মাধৱে কৰিল। শঙ্কৰক আগে দিব প্ৰথম পৰিল। দিবাক নেৱস্তে আথে বেধে উঠিল। দুই হাত পাতি মহা আদৰে লৈলত। ২৩২৭ সমস্ত ভকতে উঠি উঠিয়া লৈলত। দিলে মাত্ৰ সমস্তে তেখনে ভুঞ্জিলন্ত। শুনা পাচে আবো একদিন যেন ভৈলা। শ্ৰবণ কীৰ্তন কৰি আছা ঐ বৈলা। ২৩২৮ সমস্ত ভকত সমে বসিয়া শঙ্কৰ। কহত কৃষ্ণৰ কথা মহা মনোহৰ। ৰামদাস বা সিটো নাহিকে সভাত। দৱনাৰ গন্ধ সবে পাইল তথাত। ২৩২৯ মল মল কৰি গৰু দৰনাৰ বহে। জগন্নাথ আসি আছ সবলোকে কহে।