পৃষ্ঠা:গুপ্তমণি.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(২)

সমস্ত বেদৰ অৰ্থ বিচাৰিয়া আনি।
এক পদ কৰিয়া লেখিলো সাৰ জানি॥ ১০
আন শাস্ত্ৰ সম নাই গুপুত মণিৰ।
তাৰ অৰ্থ যিতো জানে গুণে মহাধীৰ॥ ১১
শ্ৰবণে কীৰ্ত্তনে পাপ সমস্ত হৰয়।
পুণ্যৰ উদয় হয় পাপ হইবে ক্ষয়॥ ১২
পঢ়ে বা শুনে বা যিতো বিচাৰে সৰ্ব্বথা।
তাৰ হিত চিন্তিবেক তাৰ কোন কথা॥ ১৩
যিতো দেৱগণে দেহা ভৈল মনুষ্যৰ।
ভাগ ভাগ কৰি তাক শুনা বন্ধু নৰ॥ ১৪
অধ উদ্ধে আবৰি আছয় যেন মতে।
বাহিৰে ভিতৰে ব্যাপি আছে শৰীৰতে॥ ১৫
সম্পূৰ্ণ নিশ্চয আছে ইতো নৰকায়।
চৌধ ভুবনৰ কথা শৰীৰতে পায়॥ ১৬
যেন মতে তেজ মাংস হাড় আছে হুই।
যিমতে ভৈলন্ত ইতো মনুস্যৰ কায়॥ ১৭
যিতো স্থানে আছে জীৱ আত্মাৰূপ ধৰি।
কৃষ্ণৰ চৰণে সবে থাকা সেৱা কৰি॥ ১৮
যেন মতে সহস্ৰেক নাম ঈশ্বৰৰ।
কিনুৰূপে চৈতন্য আছয় নিৰন্তৰ॥ ১৯
যেন মতে প্ৰকিতিক পাইলন্ত শঙ্কৰ।
প্ৰপঞ্চিয়া কহো তাক শুনা নিৰন্তৰ॥ ২০
দেহাৰ বিচাৰ কথা যতেক আছয়।
গুপ্তমণি শাস্ত্ৰত বিচাৰি তাক কয়॥ ২১