জ্ঞান ভকতি।
শুনা মহামতি॥
যত যােগ ধ্যান।
পুৰুষ পুৰাণ॥
কৈলা নিৰূপম।
পুৰুয় উত্তম॥
নিৰ্গুণ মতি।
নিৰ্গুণ গতি।
নিৰ্গুন ধ্যান।
কৈলা সৰ্ব্বজান ॥
কৰি সাৰ তত্ত্ব।
কৰিলাে বেকত॥
ইটো কলেৱৰ।
ভক্ত প্রিয়তৰ॥
ভকতেসে ধ্যান।
নাহি মােৰ আন॥
কৰিয়া ভকত।
কহিলাে বেকত॥
শােক পৰিহৰি।
চলা শীঘ্ৰ কৰি॥