পাতক গঞ্জন।
দেৱ নিৰঞ্জন॥
গৈলা দামোদৰ।
কৰিলা সাদৰ।৷
মাধৱক পাই।
অৰ্চ্চিলা সদায়৷৷
তযু যদুপতি।
জানিলো সম্প্ৰতি।
কৰ্ম্মীৰ মনৰ।
হোৱা দামোদৰ।৷
কৰে যিটো জন।
হোৱা নাৰায়ণ৷৷
শুনি কৃপাময়।
গুচাইলা সংশয়৷৷
পূৰি মনোৰথ।
চলাইলন্ত ৰথ৷৷
ৰাজা পুছিলন্ত।
শুকে কহিলন্ত৷৷
বেদৰ উত্তৰ৷
জানা সাৰতৰ৷৷