গোপৰ সঙ্গতি৷
যান্ত লক্ষ্মীপতি।
আঞ্জলিক ভৰি৷
চাৱে নেত্ৰভৰি৷৷
আনন্দে স্ফূৰুতি৷
যতেক যুৱতী৷৷
কৰে বহু মান৷
নভাসয় আন ৷৷
কৰি মহা মাল ৷
লৈলন্ত গোপাল ৷৷
পিন্ধাইলা বসন ৷
দিলা নাৰায়ণ ৷৷
দিলেক সুদাম ৷
দিলা কৃষ্ণ ৰাম ৷৷
চন্দন সাদৰি ৷
থৈলা দেৱহৰি ৷৷
ধৰি ততকাল ৷
কৰিলা গোপাল ৷৷
সঙ্গে গোপগণ ৷
কৰিয়া শয়ন ৷৷