১ম, মে।— অঃ কিনোৰূপেসৈতে অকল 'হ'ব' বুলিলেই, কিনোৰূপেসৈতে, নহ'ব। গোটেইখিনি বচন, কিনোৰূপেসৈতে, লুটিয়াই ক'ব লাগে।
গুচৰয়া।—এঃ, সিমানবোৰ কথা মোৰ মনত নৰয় দেও হে।
কচু।— বাৰু এটা এটাকৈ কৈ যাওঁ, তই ধৰি যাবি। ক, বুলি—
গুচৰীয়া।— ক, বুলি।
কচু।— এঃ, পোনেই গুৰিতে নধৰিবিচোন।
গুচৰীয়া।— বাৰু গুৰিত নধৰোঁ; আগত ধৰিম।
কচু।— বুলি, বস্তুৰ ভাগ হৈছিল যদি, মোৰ দেহ-নাম ভগন হ'ব।
গুচৰীয়া।— দেহ-মান ভাগ হ'ব।
কচু।— নহয়, দেহ-নাম।
গুচৰীয়া।— হয়, বাৰু দেহ-মান।
কচু।— কি আঁকৰা ঔ এইটো! বাৰু ক, ভগন হ'ব।
গুচৰী।— বাৰু ক, ভগন হ'ব।
কচু।— এঃ, ইয়াক আৰু বলাব নোৱাৰি দেও হে!
১ম মে।— বাৰু, হৈছে; কিনোৰূপেসৈতে, সেয়ে পাবগৈ। এতিয়া বিলনীয়া উঠি কিনোৰূপেসৈতে মেলমৰা বিলাই দিব লাগে।
৩য় মে।— হয় কিন্তু গোটাৰূপ কেটকা কিন্তু শিউলালৰ গোলাত কিন্তু পইচাকৈ ভঙাই আনোগৈ কিন্তু (বটাৰ পৰা টকা লৈ ওলাই গৈ পাকতে ভঙনীয়া পইচা আনি বটাত লেখি লেখি থয়হি)
ভোগ।— (উচাত্ মাৰি) ইঃ, মই ইমান হে পাওঁ নে? সৌৱা, টেপেৰা গাওঁবুঢ়াহঁতে কিমান পাইছে নাচাৱ কিয়? বোলে, সমানৰ ভাই, পাইকৰ ককাই; চাই-চিতি কাম কৰিব লাগে।
বিলনী।— সিহঁতে যিমান পাব লাগে সিমান পাইছে। গাওঁবুঢ়া বুলিলে আগে-পাচে যি নিয়মে পায়, এতিয়াও সেই নিয়মেই পাইছে।