এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
গদাধৰ
গদা।—এ, এনেই হে বহি আছোঁ।
২য়, গঃ।— বেচ ৰজা-বহনেৰে বহিছে দেই।
গদা।—এৰা, ৰজা হোৱা হলে জানিবা নবহোঁ। ৰজা হৈ লৰিবলৈ বিচাৰোঁ।
৩য়,গঃ।— নহয় দেও, তুমি ৰজা হৈ বহিবৰ হে লায়ক। তোমাক আমি
- ৰজা পাতি বহুৱাবলৈ হে আহিছোঁ।
গদা।— বাৰু বীৰপুৰুষ একজন। পুৰুষ কেজনে ৰজা পাতিবও পাৰে!
- ইহঁতে কেতিয়াবা ৰজা পাতি পাইছিল হবলা?
১ম, গঃ।—কিয়, বৰভকতক আমিয়েই ৰজা পতা নাই যে কি? তেওঁ
- মৰিল দেখিহে এতিয়া।
গদা।— অ, মোৰ বুজাত বেলি হল, গৰখীয়া ৰজা?
৩য়, গঃ।— এৰা, আকৌ নো কি? তাকেতো কৈছোঁ আমি। কিন্তু,
- গৰখীয়া-ৰজা জানো ৰজা নহয়?
গদা।— হওঁতে হয়। এক ৰকমে বৰ সুখীয়া ৰজা। পিচে—
১ম, গঃ।— পিচে আৰু পিচে। আমি আজিৰপৰা তোমাক ৰজা
- পাতিলোঁৱেই যোৱাঁ। আহহঁক, চাপি আহ, আমাৰ ৰজাক
- মলা পিন্ধাওঁহঁক। (কেইওটাই মালা পিন্ধায় )
গদা—অহ, কি পৱিত্ৰ ভাব!
- প্ৰকৃতে কৰিছোঁ বোধ, ৰাজ্য-অভিষেক
- প্ৰকৃতি-ৰাজ্য়ত।
২য়, গঃ।— তেনেহলে তুমি আজিৰপৰা আমাৰ ৰজা হৈছাঁ?
গদা।— ওঁ, ওঁ, হৈছোঁ বাৰু। ৰজা হৈ নো কি কৰিব লাগে?
১ম, গঃ।— কি কৰিব লাগে? আমাৰ ৰাজপাটখন খাব লাগে। বলাঁ,
- এতিয়া, গৰখীয়া-দ’লৰ বৰভেঁটিত বহুৱাই, সবাহ পাতি, তোমাক
- সঁচাসঁচিকৈ ৰজা পাতোঁগৈ। উঠা, এতিয়া, যাওঁহঁক।
১৭