এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৯
গদাধৰ।
গীত।
কানড়া— মিশ্ৰ।
লেখি আকাশৰ ছবি ভাবোঁ বহি বহি
প্ৰাণ-সখী মোৰ গল এৰি॥
আমন্-জিমন্, জোনায় বয়ন্,
দেখি মন মোৰ যায় উৰি৷
মতোঁ ঘনে ঘনে, কান্দো মনে মনে,
ঘুৰি লগ পাওঁ কেনে কৰি।
নেদেখি এতিয়া, বাজে মোৰ হিয়া,
থাকোঁ কিনো মতে প্ৰাণ ধৰি॥
(মৌন)
কিবা ভাব কিবা কথা আহিছে মনত!
উৰুঙা লাগিছে যেন জগত সংসাৰ!
(কান্দি-কান্দি লাইৰ প্ৰৱেশ)
লাই৷-দেখিছিলোঁ দেউতাক,
আক’ গল গুচি!
পদ্মা।- নেকান্দিবাঁ সোণা মোৰ!
ধুনীয়া পুতলা আনি দিব আহিনীয়ে ,
থাকিবাঁ উমলি।
লাই।- আনি দিয়াঁ দেউতাক ,
নেলাগে পুতলা। আহিছিল কালি ৰাতি,
আক’ গুচি গল!
১৬