এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
বৰ-ভেটি
যাতে মোৰ দৰে গঢ়িব পাৰোঁ, তাৰ বাবে গৈয়েই কামত লাগি যাম।
অষ্টভুজ—লাগি যাব, ভাল কথা। কিন্তু যাতে কোনেও আমাৰ অভিপ্ৰায় আগ ধৰি নুবুজে তালৈ লক্ষ্য ৰাখি চলিবা।
নাহৰ।— নিশ্চয়। কোনোবাই গম পাব লাগিলে আমাৰ উদ্দেশ্য পাতনিতে অন্ত পৰিব।
অষ্ট৷—বাৰু, এতিয়া যোৱাঁ! ভগৱন্ত বস্তু আমাৰ সহায় হওক।
তেতিয়া নাহৰ আৰু ৰাঘৱ দুয়ো বিদায় ল'লে।
————