নাহৰ উলটি আহিল আৰু গুৰুৰ সিদ্ধান্তৰ কথা লগৰীয়া
সকলক জনালে। নাহৰৰ কথা শুনি ৰাঘৱে ক'লে,—“কি!
আকৌ আহোমকেই ৰজা পাতিম! কেতিয়াও হ'ব নোৱাৰে।
তেনে আদেশ গুৰুৱেহে নালাগে স্বয়ং ব্ৰহ্মাই দিলেও, মই
নামানো।”
তেতিয়া সকলো মুখিয়াল লোক বহি আলোচনা কৰি স্থিৰ কৰিলে যে আগৰ ৰাজবংশৰ নাহৰেই সিংহাসন পাব লাগিছিল, কিন্তু তেওঁ ঘুনীয়া হোৱা বাবে ৰাজপাটৰ অযোগ্য। সেই কাৰণে তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰমাকান্তই নিয়ম মতে সিংহাসন পাব লাগে।
এই সিদ্ধান্ত সকলোৰে মনোমত হ’ল। সেইমতেই ৰমাকান্ত ৰজা হ'ল। ৰাঘৱ হ’ল নিজৰ ইচ্ছামতেই বৰবৰুৱা। পুৰণি সকলো বিষয়া ভাঙি মৰাণ-মটকৰ পৰা নতুন বিষয়া লোৱা হ'ল। গুৱাহাটীৰ বৰফুকন আৰু আন আন বিষয়াও তেওঁলোকৰ পৰাই পতা হ’ল?
ৰাঘৱে লক্ষ্মীসিংহক চমটাৰ সোৱাদ বুজাই দি জয়সাগৰৰ দৌলতে বন্দী কৰি থ'লে আৰু কুৰঙ্গনয়নীকে আদি কৰি তেওঁৰ কুঁৱৰীসকলক নিজৰ টোললৈ আনি ভাৰ্য্যা কৰি ৰাখিলে। অকল সেয়ে নহয়, বহুতো ডা-ডাঙৰীয়াৰ তিৰুতাকো বলেৰে আনি তেওঁৰ অন্তঃপুৰ ভৰালে।
এয়ে অসমত মৰাণৰ দিনৰ সূচনা।
⸻