এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
কুৰ্ম্মাৱলী-যুদ্ধ।
ৰুধিৰ সদৃশ ৰক্ত দশো দিশ
কৰে পঙ্ক বৰিষণ।
দুৰ্ঘোৰ বতাস প্ৰজাৰ তৰাস
ঘনে ঘনে বজ্ৰপাত॥
পৃথিবী ফাটিয়া জল নিকলয়
ঘনে লৰে বসুমতী॥১৪৯
অসংখ্যাত বৃক্ষ পৰয় উজৰি
বিনা মেঘে বৰিষণ।
মাথাৰ উপৰে কাক গৃব্ৰ উৰে
ৰাৱাৱে শৃগালগণ।
সঘনে তাহাৰ শৰীৰ কম্পয়
দেখন্ত কুহৰিময়*। কুহৰি-কুৱঁলী।
তথাপি ৰাজাৰ নাই ভয় ভীত
ৰণক মনে চলয়॥১৫০
দুৰ্জয় সেনাৰ প্ৰচণ্ড আন্দোল
ঘনে কম্পে বসুমতী।
আকাশত থাকি সঙ্কোচিত মনে
দেৱতাগণ সম্প্ৰতি॥