পৃষ্ঠা:কুলাচল বধ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
কুলাচল-বধ ৷

যিবুলিলি সকলে ৰাজাৰ অধিকাৰ।
পাষণ্ড বচন ইটো ৰটিলিহি চাৰ॥
বিষ্ণুভকতৰ কোন অধিকাৰী আছে।
চক্ৰধৰি শ্ৰীহৰি ফুৰন্ত পাছে পাছে॥
ৰাজাবোলাই ফুৰে আপোনাক বড়মানি।
কোন দিন ধৰে কালে নিৰ্ণয় নাজানি॥
কালবাঘে ধৰিয়া ক্ষণিকে নাশ কৰে।
দান্ত নিকোটায়া সিটো আপুনিসে মৰে॥
হৰিভকতত বিনে বড় আন নায়।
কালযমে থাকে জানা ভক্তক ডৰায়
হেনজানি ৰাজা তই শুনিয়ো উপায়।
আপোন ঘৰত থাক ৰাজ্য ভোগখায়॥
ধন জন পুত্ৰ ভাৰ্য্যা সকলে নশ্বৰ।
তাক মোৰ মোৰ বুলি মিছাত নমৰ॥
ঋষিৰ বচন হেন শুনি ক্ৰুৰজন।
গৰ্জ্জিবে লাগিলা ক্ৰোধে অন্ধহুয়া মন॥
কালে যাক উপহাস কৰিলেক যায়।
ভক্তৰ বচন সিটো খাৰতো নাখায়॥
অগস্তি বাক্য যত উপ্ লঙ্ঘা কৰিল।
গৰ্ব্বকৰি বাক্য পাছে বুলিবে লাগিল॥