পৃষ্ঠা:কুলাচল বধ.djvu/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৭
কুলাচল-বধ।


এতেকে তোমৰা,  তাসম্বাক কিছু,
 নবঢ়াইবা অনুমান।
তোমৰাৰ সিটো, অনুমতি পায়া,
  মিলয় লোক প্ৰমাণ॥
দেব গন্ধৰ্ব্বৰ, পিতৃ সমস্তৰ,
 মনুষ্যৰ মাত্ৰ সিদ্ধি।
এতেকে তোমৰা, মনুস্যৰ পৰা,
 আনক নেদিবা বিধি॥
হে ত্ৰিপুৰাৰি,  তোমাৰ আমাৰ
 কিছু নাহি বিশেষণ।
হেনয় অস্ত্ৰক, দৈত্য দানৱক,
 নেদিবাহা আনখন॥
এহি অস্ত্ৰে সবে, দানৱ পামৰ
 ত্ৰৈলোক্য দহিবে লৈল।
যদ্যাপিতো তাত, অনেক উপায়,
 তেবেসে সমস্তে ৰৈল॥
তুমি সবে আৰে, লোক নৰাখিলে,
 আনবা কোনে ৰাখিব।
মনুষ্যৰ দস্যু,  সবাকো নিবাৰি,
 তেবে লোক উজ্জলিব॥