পৃষ্ঠা:কুলাচল বধ.djvu/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৪
কুলাচল-বধ।


অনন্তৰে ব্ৰহ্মা,  প্ৰণামি হৰিক,
 বুলিলা স্তুতি বচন।
দুষ্ট দানৱক, মাৰিলাহা তুমি,
 প্ৰভু দেব সনাতন॥
তাহাৰ কাৰণে, চৌধয় লোকৰ,
 প্ৰলয় আতি মিলয়।
সকলে প্ৰজাক,  তুমি তাৰিলাহা,
 ভগবন্ত কৃপাময়॥
তোমাৰ চেষ্টাক, বুজন নযায়,
 সূক্ষ্ম স্থুল কিবা কাম।
মহা মহা যজ্ঞে, জঞ্জিয়া তোমাক,
 নপাৱে মনে উপাম॥
হেন পৰম্ব্ৰহ্ম, ভকত সবৰ
 ক্ষণো লগ নাছাৰাহা।
জ্ঞান কৰ্ম্ম যোগে,  তোমাক নপাৱে,
 কীৰ্ত্তনে বশ্য হোৱাহা॥
তুমি সুপুরুষ কৰ্ত্তা অধিকাৰী
 সমস্তকে ৰমাৱন্ত।
তোমাৰ বিনোদ, আমি ব্ৰহ্মাহৰ
 যত দেব অপৰ্য্যন্ত॥