পৃষ্ঠা:কুলাচল বধ.djvu/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪২
কুলাচল-বধ।


নিকলিল তেজ ধাৰ কতো দূৰ মানে।
গিৰিসিত কৰি পাছে পড়িল সন্ধানে॥
পড়িল দানৱ হেন জানি দেবগণ।
জয় জয় শবদ কৰয় ঘনে ঘন॥
সিদ্ধ মুনি কুসুম সুৰভি বৰিষন্ত।
বিদ্যাধৰে বজাৱে দুন্দুভি অপৰ্য্যন্ত॥
কৰে স্তুতি নতি সবে সিদ্ধ মুনিগণ।
সাধ্য সিদ্ধ মুনিগণ মিলিল তেখন॥
ব্ৰহ্মা শূলপাণি ইন্দ্ৰ দশদিগপাল।
আলগতে বহিলেক আসি ততকাল॥
পাৰিষদগণো মাধৱক অবৰিয়া।
তথায়ে ৰহিলা সবে আনন্দিত হুয়া॥
গাৱ ঝঙ্কাৰিয়া পাছে বৈনতানন্দন।
কৃষ্ণক আবৰি বসি ৰহিলা তেখন॥
শুনা সভাসদ পদ কুলাচল বধ।
হংসকাকি মিশ্ৰ বনপৰ্ব্ব বিদগদ॥
পৰম ৰহস্য হৰি চৰিত্ৰ গহন।
একমনে শুনা যাৰ বৈকুণ্ঠক মন॥
আত কিছু লম্ভা নায় ব্যাসৰ বচন।
এক চিত্তে কৰা আক শ্ৰৱণ কীৰ্ত্তন॥