পৃষ্ঠা:কুলাচল বধ.djvu/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৩
কুলাচল-বধ


মাধৱে বোলন্ত পক্ষিৰাজ পালটিয়ো।
পাচ ভৰি কৰি সবে পখাক ধৰিয়ো॥
কৃষ্ণৰ বচনে পক্ষিৰাজ হুসকিল।
পাৰিষদ সেনাসব কাখৰে ৰহিল॥
অন্তৰি গৈলেক পাৰিষদ সেনাচয়।
শিলা হয় কৰ্ণৰাজা যথাত অছয়॥
সেহি বেলা মাধবে আপোন হাতেধৰি।
পাছক চালান্ত গরুড়ক বেগ কৰি॥
ক্ষণেকতে দুই প্ৰহৰৰ পণ নিলা।
দানবৰো সেনাগণ খেদিয়া আসিলা॥
থমকিলা হৰি পক্ষিৰাজক ৰখাই।
ধৰিলা সাৰঙ্গধনু দানবক চাই॥
চাৰিপাট শৰ প্ৰহাৰিলা ভগবান।
কুলাচলে কৃত্যশৰ জানয় প্ৰধান॥
জগতৰ নাথে তাৰ মনক বঢ়াইল।
কৃত্যশৰে চাৰিয়ো বাণক বিনাশিল॥
শৰ নাশ কৰি কৃত্যা গরুড়ক পাইল।
মহাচণ্ডে ধমদ্বম অগনি উধাইল॥
পক্ষিৰাজে মাধৱক নমাই থৈলন্ত।
তাহান পখাত ষ্ণৃচ্য বহ্নি জ্বলিলন্ত॥