পৃষ্ঠা:কুলাচল বধ.djvu/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২০
কুলাচল-বধ।

নকৰিলে কৃপা ভজিবাক নপাৰয়।
এতেকে বিষম তুমি কহিলো নিশ্চয়॥
আরুএক কথা আমি শুনিছো তোমাৰ।
ভকতকো মাৰি দুঃখ দিয়াহা অপাৰ॥
পুৰ্জ্জে বৃত্ৰাসুৰ নামে আছিল দানব।
তোমাৰ একান্ত দাস তুমি সে বান্ধব॥
দধ্যঞ্চি ঋষিৰ হাড় অনাইলা মগাই।
কুট নাট কৰি তাক পেলাইলা মৰাই॥
আরু বালিৰাজা মহা তোমাত ভকত।
ত্ৰৈলোক্য অৰ্চ্চিল দিয়া তযু চৰণত॥
তাঙ্ক বহু দুঃখ দিয়া ঢকাই খেদালা।
বুজন নজাই ইটো তজু কিনো লীলা॥
অভকত দেবগণ অল্প বুদ্ধিবল।
খাইবাক নপাইলে সব কৰয় কন্দল॥
তাৰ পক্ষ হুয়া দ্বেষ কৰা ভকতক।
আরু কতগুণ ময় কহিবো কতেক॥
বপুসুতে বোলে শুনিয়োক মুনিবৰ।
এহিমতে কুলাচলে কৰিলা বিস্তৰ॥
তাহাৰ বাক্যত প্ৰেমাকুল ভগবন্ত৷
গদ গদ কৰি হৰি তাক মাতিলন্ত॥