পৃষ্ঠা:কুলাচল বধ.djvu/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৭
কুলাচল-বধ।

যাহাৰ খিয়াতি, জগত যুৰিল,
 সন্তৰ যিটো ভূষণ॥
হাঙ্কাৰতে যিটো, কৰ ভাৰ আনি,
 পালিলা সাধু মহন্ত।
বৈষ্ণব সবৰ, আশীৰ্ব্বাদ ফলে,
 সুখে ৰাজ্য কৰিলন্ত॥
চাৰি ধিক শত, বৰিষ পালিল,
 বসুমতী ৰঙ্গ মনে।
মহন্তক পালি, ভকতি কৰন্ত,
 হৰিৰ দুই চৰণে॥
দিব্য সভা পাতি,  ৰাজ্য চৰ্চ্চা কৰি,
 ভাৰত কৰা শ্ৰবণ।
ভাৰত আখ্যান, কৰিলে তাহাক,
 দেন্ত বহু ৰত্ন ধন॥
হেনয় বৈষ্ণব,  নৰেন্দ্ৰৰ আজ্ঞা,
 আমি শিৰে তূলি ধৰি।
হৰিৰ চৰিত্ৰ, পৰম অমৃত
 ৰচিলোঁ যতন কৰি॥
বামল সংহিতা, হংস কাকী ছয়
 আৰু মহন্তৰ কথা।