পৃষ্ঠা:কুলাচল বধ.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২০
কুলাচল-বধ।


অশ্বিনী কুমাৰ দুইকো মাতি সুৰ ৰাই।
পাণ্ডৱক জীৱাইবাক দিলেক পঠাই॥
পাছে দুয়ো সূৰ্য্য সুতে মহাবিদ্যা কৰি।
জীৱাই ৰহিলা চাৰি মৌনে নিদ্ৰা ধৰি॥
অমৃত সিঞ্চিয়া পাছে ৰোহিণীৰ পতি।
অজৰ অমৰ কৰি ৰাখিলা তহিতি॥
কৃষ্ণ কৃষ্ণ নাম মাত্ৰ কৰন্ত কীৰ্ত্তন।
ধনুৰ্ব্বান এড়িয়া ৰহিলা চাৰিজন॥
হেন শুনি মুনিবৰে বুলিলা বচন।
পাণ্ডৱ জীবাৰ কথা কৈলা তপোধন॥
দুৰাচাৰ কুলাচলে ঢালি তাসম্বাক।
কোন কৰ্ম্ম কৰিলেক কহিয়োক তাক।
যিটো দেব সনাতন পুৰ্ণকাম হৰি।
তেন্তে কোন কাম কৰিলন্ত মায়া কৰি॥
ভকতৰ মিত্ৰে তান হন্ত মহা মিত্ৰ।
বৈষ্ণৱৰ বিৰোধীক কৰা চুৰ্ণীকৃত্য॥
নাহি শত্ৰু মাত্ৰ হৰি সবাহাতে সম।
ভকতৰ কামে মাত্ৰ হোৱন্ত বিষম॥
এতেকে কহিবো তান চৰিত্ৰ বিচিত্ৰ।
ভকতৰ দুঃখে তান আকুলিত চিত্ত॥