পৃষ্ঠা:কুলাচল বধ.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০১
কুলাচল-বধ।


হেনতো অপুৰ্ব্ব কথা নৌউ শুনে কেৱে।
লোকক কৃপায়ে বিৰচিলা ব্যাসদেৱে॥
আমাৰ ভাগ্যৰ হেতু শুনিবাক পাওঁ।
এতেকেসে তোমাৰাৰ পাৱত বিনাওঁ॥
হেন প্ৰেম বাণী শুনি চাৰিয়ো মহন্ত।
গদ গদ বাক্যে পুনু সম্বুন্ধি মাতন্ত॥
শুনা মহা মুনিবৰ চৰিত্ৰ অপৰ।
কহিবোহো মহাসুদ্ধ চৰিত্ৰ সন্তৰ॥
সন্তৰ হিয়াক হৰি ক্ষেণেকো নেৰন্ত।
শুনা পাছে যুধিষ্ঠিৰে যেন কৰিলন্ত॥
মনে বিমৰষি ৰাজা কৰিলন্ত সাৰ।
কৃষ্ণ বিনে কোনে কৰৈ আমাক নিস্তাৰ॥
ভূত্য প্ৰিয় কৃষ্ণ বিনে নাহিকয় আন।
আমি পাঞ্চ পাণ্ডৱৰ কৃষ্ণে জীৱ প্ৰাণ॥
তাহান্ত বিনায় বন্ধু নাহি ত্ৰিভুবনে
আমি পাঞ্চ গুটি ভাই পশিছোঁ শৰণে॥
এহি বুলি ৰাজা বিজনক চলিলন্ত।
অৱস্থিতি কুশাসন পাৰি বসিলন্ত॥
বপুহতে বোলে মুনি শুনিয়ো সাক্ষাত।
ধৰ্ম্ম নৃপতিৰ কথা থাকোক এথাত॥