এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
কুমৰ-হৰণ
দিন যাই আলে জালে ৰাত্ৰি নিদ্ৰা নাসে ভালে
দ্বাদশী হৈবেক কত কালে।
অকস্মাত মহেশ্বৰ মোহোক দিলন্ত বৰ
স্বামী নাই মোহোৰ কপালে॥
এহিমতে চৈত্ৰ গৈল বৈশাখ আসিয়া ভৈল
দ্বাদশী তিথিৰ সমযোগে।
উষা আছে শয়নত দেখিলেক সপোনত
পুৰুষেক আছন্ত সম্ভোগে॥
ঘুমটিত থাকে ভালে জাগিলেক ততকালে
গুচয় সম্ভোগে যত ভোগ।
ঊষায়ে নিদ্ৰাত পায় স্বামী বুলি আলিঙ্গয়
ৰতিৰস কৰে সতী ভোগ॥
ৰূপে কামদেৱ সম সিংহ সম পৰাক্ৰম
গম্ভীৰত সাক্ষাতে সাগৰ৷
তেজে দ্যুতি দিনকৰ শীতলত শশধৰ
পণ্ডিতে ভাৰ্গৱ পুৰন্দৰ॥
সপোনত কামে ধৰে শৰীৰ বিকল কৰে
ধৰিবে চাৱই আঙ্কোৱালি।
আৰ হোৱে দুইৰ আগ ধৰিবে নপায় লাগ
স্বামী বুলি গেড়িয়া আওঢালি॥