পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩০ ]

কোন পাঞ্চ জন ইতো বীৰবেশে পৰাক্ৰমে
 আমাৰ থানত প্ৰৱেশিলা॥
আৰু এক জন দেখো   সুন্দৰ ৰমণী আছে
 তুভুবনে নাই সমসৰ।
শিষ্যগণে বোলে দেযৱ তোমাক চাহিবে লাগি
 শচী সমে আসে পুৰন্দৰ॥
কতজনে বোলে নুহি   কোন এক ৰাজা আসে
 আমাৰ দেৱক চাহিবাৰে।
এতেক বোলন্ত যাই সন্নিত চাম্পিল ৰাজা
 দেখি আতি হৰিষ অন্তৰে॥
তাসম্বাক দেখি মুণি আসন আনিয়া দিলা
 গৌৰবে বসিলা নৰশ্বৰ।
অনন্তৰে মহামুনি  পুচিবে লাগিলা বাণি
 আসি আচা কোনবা থানৰ॥১২১
কোন বংশে ভৈলা জাত   কোন তুমি পাঞ্চ জন
 দেখো এক ৰমণী লগত।
কিবা চন্দ্ৰ কিবা ইন্দ্ৰ   কিবা আলি আচ কোন
  কহিয়োক আমাৰ আগত॥
যুধিষ্ঠিৰ নৃপতিয়ে   অবনত ভাবে ৰৈলা
  কহিবে লাগিলা বৃকোদৰ।
ব্য়াসৰ তনয় যিটো পাণ্ডু ৰাা মহাশয়
 তাৰ পুত্ৰ ধৰ্ম্ম নৃপবৰ॥১২২