সমললৈ যাওক

পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কামৰূপ
[প্ৰথম অঙ্ক—২য় দৃশ্য
 

 জানা তোমা দুয়োটিৰে তপস্যা গুণে
 পুনৰ্জন্ম পালে তেওঁ তোমাৰ ঘৰত।
 সংসাৰৰ কোনো ব্যৱধানে, নোৱাৰিব
 ভাঙি দিব ইজন্মৰ পুণ্য পৰিণয়।
 নিমিত্তৰ ভাগী তুমি হোৱাঁ, মহাৰাজ!
   নাৰদ ওলাই যাৱোত দুয়ো প্ৰণাম জনায়।
হিম—নাপাহৰোঁ মহৰ্ষিৰ দয়া কোনো কালে!
 চোৱাঁ, প্ৰিয়ে! কেনে মহা সন্ধিৰ ক্ষণত
 দৈৱিক উপায় আনি মিলায় ঈশ্বৰে!
 যেনে তেনে উপায়েৰে শিৱৰ হাতত
 সপি দিব পাৰোঁ যদি এই তনয়াক,
 অভীষ্ট সিদ্ধিৰ আশা নহয় দূৰত।
মেনকা—মানিছে অন্তৰে মোৰ নাৰদৰ কথা।
 কিন্তু, নাথ! আলসুৱা পাৰ্ব্বতীয়ে মোৰ
 আশ্ৰমৰ কষ্ট বাৰু সহিব কিদৰে?
হিম—স্বভাৱতে সিদ্ধ তাই যোগী শঙ্কৰৰ
 শুশ্ৰূষাৰ সকলো কামতে; সেইবাবে,
 সমূলি নিদিও ঠাই আশঙ্কা হিয়াত
 নহব শিৱৰ উমা সুযোগ্যা গৃহিণী।

দৃশ্যপট সলনি