পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় দৰ্শন

—ঃ০ঃ—

ফাটকৰ আস্পতাল।

কীৰ্ত্তিকান্তৰ চাৰপাইত শয়ন — ৰমজান খাঁ নেটিৰ
ডাক্তৰৰ প্ৰবেশ।

 ৰম। — (কীৰ্ত্তিৰ গাত হাত দি) ই ক্ৰানিক ডেচেণ্ট্ৰী, ইয়াক আৰাম কৰা মস্কিল; একিউট্‌ হোনেসে জলদি আৰাম হয়; তাতে ফেৰ পেশ্যেণ্টঠো আফিমখোৰ। আ্উৰ ভি একঠো পৰগেটিৰ দেনে হোগা— দেৰেচী! এক আওঞ্চ কেষ্টাৰাইল থোৰা গৰম পানীৰ লগত মিলাই ইস্‌কো পিলাই দে।

 কীৰ্ত্তি। — হায় হায়! মোৰ কি কপাল! মই কেলেই বৰ-বিহ খাইছিলোঁ? তাকে নোখোৱা হলে মোৰ এনে দশা হব কিয়? কানীয়াৰ অৱস্থা দেখিয়েই আছিলোঁ, তেও চকু থাকিও খালত পৰিলোঁ। আই-বোপাইয়ে কানি খাবলৈ হাক দিয়াত তেওঁবিলাকৰ হিত কথা মোৰ কাণত যাঠীৰ খোঁচ যেন হে লাগিছিল, এতিয়া হে তাৰ মোল বুজিছোঁ। কানিৰ লগতে ধন, বস্তু, মান, আবৰ, সকলো গল; শেহান্তৰত এপোৱা কানিৰ লোভত মিছা সাখী ওলাই এতিয়া ফাটকত প্ৰাণ যায়। শ-টও অজাতিয়ে চুবলগা হল।