পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কানীয়াৰ কীৰ্ত্তন

 শিৱ। — দলৈৰ নাকৰ ঘোৰঘোৰণি শুনি বাঘে খেদি নাহিলেও ভাল, —

[তোতাৰাম ৰাজখোৱাৰ প্ৰবেশ। ]

 কীৰ্ত্তি। — আহক ৰাজখোৱা-দেও, আমাৰ আজি কি ভাগ্য!

 তোতা। — তোমাৰ ভাগ্য ন হয়, আমাৰ হে ভাগ্য।

(উপবেশন।)

 কীৰ্ত্তি। — হেৰ বিকা! আৰু এটা ধোঁৱাখোৱা লৈ আহ, আৰু দুচাকি-মান পাণ কৰ।

(ভিতৰৰপৰা) ভাল দেউতা।
[এটা ধোঁৱা-খোৱাৰে সৈতে বিকাৰ প্ৰবেশ, আৰু প্ৰস্থান, ৰাজখোৱাৰ পাণ খোৱা আৰম্ভ। ]

 শিৱকান্ত আৰু ৰামেশ্বৰ। — [শুনা-নুশুনাকৈ] আজিৰপৰা ইয়াৰ ঘৰত পাণ-খোৱাৰ মূৰ মৰিল, আজিয়েই যি খাওঁহঁক সেয়ে হে।

 তোতা। — শুনিছাহঁক নে? এটা কথা শুনি আজি যেনে বেজাৰ পাইছোঁ, তাক কি কম? পুত্ৰ-শোকো তাৰ সমান ন হয়। আমাৰ দেশত হুনু আফু-খেতি কৰিবলৈ মানা হৈছে, মৌজাইপতি বোলে ইস্তাহাৰ শুনাই দিছে। (কীৰ্ত্তিকান্তৰ মুখলৈ চাই) তোমাৰ এখেলৈ একো পৰণা হোৱা নাই নে?

 কীৰ্ত্তি। — পশু ই টেকেলা এটাই কিবা পৰণা এখান